জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


মাহাত্ম্যা প্ৰকাশ কৰিছে। চতুৰ্থশাৰীৰ বাহিৰে প্ৰতিটো শাৰীত বৰ্ণৰ সংখ্যা পোন্ধৰটা। ব্যঞ্জন বৰ্ণময় আৰু প্ৰতিটো বৰ্ণৰে অন্ত্যক্ষৰ অ। ইয়াত ব্যৱহাৰ কৰা প্ৰতিটো শব্দ সংস্কৃত শব্দ,:অথচ যুক্তাক্ষৰ বিহীন, সৰল, শ্ৰতি মধুৰ আৰু ছন্দময়। তদুপৰি শব্দচয়ন, বিন্যাস-ৰীতি, শব্দালঙ্কাৰ প্ৰয়োগ আদি বৈশিষ্ট্যসমূহৰ ফালৰ পৰা ক’ব পাৰি যে এইটো এক বিৰল কাব্য আৰু বিন্দুতেই সিন্ধুৰ প্ৰকাশ। প্ৰাচ্য আৰু পাশ্চাত্যৰ মহাপুৰুষ বা বিৰল ব্যক্তিত্বৰ পণ্ডিত সকলেও বাৰ বছৰ বয়সত এনেকুৱা সহজ সৰল শব্দ প্ৰয়োগেৰে তত্ত্ব গধুৰ অৰ্থ প্ৰকাশক গীতিকাব্য (গীতি কবিতা) ৰচনা কৰাৰ উদাহৰণ নাই। সেয়েহে বিশ্বৰ ইতিহাসত এই গীতি কবিতাটো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতি কবিতা বা স্তৃতিগীত বা ভজন হৈ ৰ’ব আৰু এয়া ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয়। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন” – শ্ৰীশঙ্কৰৰ এইবিৰল প্ৰতিভাৰ উমান পাই শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিয়ে কণ্ঠ ভূষন, ৰাম সৰস্বতী আদিকে ধৰি সকলো ছাত্ৰৰ ভিতৰত শ্ৰীশঙ্কৰক ওজা ছাত্ৰ ঘোষনা কৰিলে। এদিন শ্ৰীশঙ্কৰে পঢ়াশালীত অকলে শুই আছিল। তেতিয়া সৰ্পই ফনা মেলি ছাঁ দি থকা মূহুৰ্ত্তত অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে প্ৰত্যক্ষ কৰিলে। বিৰল কাব্য ৰচনা আৰু সৰ্পই শ্ৰীশঙ্কৰক ছাঁ প্ৰদান কৰা এই দুটা অভিজ্ঞতাই মহেন্দ্ৰ কন্দলিক আচৰিত কৰি তুলিলে। তেতিয়াৰে পৰাই অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শ্ৰী শঙ্কৰক ‘দেৱ’ ৰূপে বিভূষিত কৰিলে আৰু সমাজত শ্ৰীশঙ্কৰদেৱৰূপে জনাজাত হ’ল। তাৰ পিছত শ্ৰীশঙ্কৰদেৱৰ ৰচনাৰাজি, তেৰাৰ কৰ্মৰাজী, দৰ্শন, আৰু তেৰাৰ দ্বাৰা প্ৰতিষ্ঠিত, প্ৰৱৰ্ত্তিত আৰু প্ৰচাৰিত ‘এক শৰণ হৰিনাম ধৰ্ম’ তথা তেৰাৰ সৃষ্ট এক নতুন ধাৰাৰ সংস্কৃতিয়ে গুৰুজনাক জগতৰে গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ৰূপে প্ৰতিষ্ঠা কৰিলে। মহেন্দ্ৰ কন্দলিৰ পঢ়াশালীত চাৰি বেদ চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ, ব্যাকৰণ, মহাভাৰত, সংহিতা, ওঠৰ তন্ত্ৰ, ওঠৰ কোষ অধ্যয়ণ কৰি পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰিলে আৰু সোতৰ বছৰ বয়সত ঘৰলৈ উভতি আহিল। পূৰ্বপুৰুষৰ নিয়মানুসাৰে শঙ্কৰদেৱে ‘শিৰোমণি ভূঞা’ ৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। অতি কুশলতাৰে এজন দক্ষ প্ৰশাসক হিচাপে জনাজাত হৈ পৰিল আৰু এই দক্ষতাৰ বাবে তেৰাক ‘ডেকাগিৰি’ হিচাপেও জনা গৈছিল।