জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
সংসাৰৰ তিনি তাপে তাক নুচুৱয়।।
(শ্ৰীমন্ত শংকৰদেৱ ৰচিত সংস্কৃত ভক্তি ৰত্নাকৰৰ অসমীয়া অনুবাদ)
(16) সত্য ঃ
সত্যে নেই উৰ্দ্ধক অসত্যে অধোগতি।
হেন জানি সত্যক ৰাখিবে কৰা মতি।। (262) (শ্ৰীমন্ত শংকৰদেৱ ৰচিত হৰিশ্চিন্দ্ৰ উপাখ্যান)
(17) ধৈৰ্য্য ঃ
কাৰ্য্য সময়ত কেনে ভৈলা হতবুদ্ধি।
আপদ ব্যাধিৰ হোৱৈ ধৈৰ্য্যেসে ঔষধি।। (258) (শ্ৰীমন্ত শংকৰদেৱ ৰচিত হৰিশ্চন্দ্ৰ উপাখ্যান)
(18) অতিথি সেৱা ঃ
অতিথিক নেদি কিবা কৰিলি ভোজন।
সিজিল পাতেক কিবা অগম্যাগমন।। (748)
(শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ, উদ্ধৱ সংবাদ)
(19) দুৰ্জ্জন ঃ
দুৰ্জ্জনৰ হেন কেনয় চৰিত্ৰ
পাৱে ধৰি উঠে কান্ধে।
চলা ফাড়ি চাউল চোবাৱে সিভিতি
গলত ধৰিয়া কান্দে।। (847)
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ অষ্টম স্কন্ধ, অমৃত মথন)
(20) ক্ষমা ঃ
মোত চিত্ত দিয়া যিটো জন মহাশয়।
হানি অপমান দুঃখ শোকক সহয়।।
তাৰে নাম ক্ষমা আৱে জানিবা উদ্ধৱ।
ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ।।
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ একাদশ স্কন্ধ)
(21) পণ্ডিত ঃ
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
