জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


দাতাত চোৰত যেন দৃষ্টি একতুল।।
নীচত সাধুত যাৰ ভৈল একজ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সবৰ্বজন।। (1821)
(শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত কীৰ্তন ঘোষা )
(22) মুৰ্খ ঃ
পুত্ৰ দাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি।
নলৱৈ সন্তৰ সঙ্গ মোত নাই মতি।।
যদি চাৰিবেদ চৈধ্য শাস্ত্ৰত পাৰ্গত।
তথাপিতো সেহি মূৰ্খ জানা মোৰ মত।।(শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত কীৰ্তন ঘোষা )
(23) যুগ-ধৰ্ম ঃ
সত্য যুগে যেন ফল পাৱৈ ধ্যান কৰি।
মহা মহা যজ্ঞে ত্ৰেতা যুগে যজিহৰি।।
যেন ফল পাৱৈ পূজা কৰি দ্বাপৰত।
পাৱৈ সৱে ফল কলিযুগে কীৰ্ত্তনত।। (শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দশম স্কন্ধ)
(24) কৰ্ম সংস্কৃতি ঃ
এক কৃষ্ণদেৱ কৰিয়োক সেৱ
ধৰিয়ো তাহান নাম।
কৃষ্ণ দাস হুয়া প্ৰসাদ ভূঞ্জিয়া
হস্তে কৰা তান কাম।।
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ দ্বিতীয় স্কন্ধ)

(25) পৰৰ ধৰ্মক নিহিংসিবা কদাচিত।
কৰিবা ভূতক দায়া সকৰুণ চিত।।
(ভক্তি প্ৰদীপ)