জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


দ্বাদশ অধ্যয়
ভাৰতবৰ্ষৰ মহা ব্যক্তিসকলৰ বিষয়ে সংক্ষিপ্ত বিশ্লেষণ

শঙ্কৰাচাৰ্য্য – এইজনা মহাপুৰুষৰ আৱিভাৱ হৈছিল দক্ষিণ ভাৰতৰ কেৰেলাত ৭৮৮খ্ৰীষ্টাব্দত আৰু বৈকুণ্ঠগামী হৈছিল ৮২০ খ্ৰীষ্টাব্দত।
ধৰ্মীয় দৰ্শন – তেওঁ আছিল কেৱল অত্বৈতবাদী আৰু জ্ঞানবাদী। তেওঁ মায়াবাদ, অদ্বৈতবাদ আৰু সন্ন্যাস প্ৰৱৰ্ত্তন কৰিছিল। শঙ্কৰাচাৰ্য্যৰ মতে নিৰ্গুণ, নিৰাকাৰ। সকলো বাসনা ত্যাগ কৰিব পাৰিলেহে ঈশ্বৰ জ্ঞান লাভ হ’ব। মায়া আৰু বাসনা ত্যাগ কৰি পৰম ব্ৰহ্মৰ লগত একাত্ম স্থাপন কৰি ‘ময়েই ব্ৰহ্ম’ বুলি জ্ঞান হ’লেহে মুক্তি পোৱা যায়। তেওঁ ভক্তিবাদ আৰু কৰ্মকাণ্ড দুয়োৰে বিৰোধী।
শাস্ত্ৰ ৰচনা – ‘শঙ্কৰভাষ্য’ নামে গ্ৰন্থ ৰচনা কৰিছিল সংস্কৃত ভাষাত।
ভাৰতীয় সংস্কৃতিত অৱদান – সংস্কৃতি সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
ৰামানুজাচাৰ্য্য (ৰামানুজ) – এইজনা মহাপুৰুষৰ আৱিৰ্ভাৰ হৈছিল মাদ্ৰাজত ১০১৭ খ্ৰীষ্টাব্দত অৰ্থাৎ একাদশ শতিকাত।
ধৰ্মীয় দৰ্শন – বিশিষ্ট অদ্বৈতবাদী আছিল। তেওঁৰ মতে ঈশ্বৰ এজন। পৰমব্ৰহ্ম নিৰাকাৰ, কিন্তু বিভিন্ন ৰূপত পৃথিৱীত অৱতাৰ গ্ৰহণ কৰে। তেওঁ অৰ্চাৱতাৰতো বিশ্বাস কৰিছিল। মন্দিৰ সমূহত থকা বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি বিলাকেই হ’ল অৰ্চাৱতাৰ। তেওঁ মূলতঃ ভক্তি যোগত বিশ্বাস কৰিছিল যদিও মূৰ্ত্তিপূজাতো বিশ্বাস কৰিছিল। তেৰাই শঙ্কৰাচাৰ্য্যৰ জ্ঞানবাদী আৰু কেৱল অদ্বৈতবাদৰ বিৰূদ্ধে গৈ বিশিষ্ট অদ্বৈতবাদ প্ৰতিষ্ঠা কৰিছিল।
শাস্ত্ৰ ৰচনা – তেৰাই সংস্কৃত ভাষাত ‘শ্ৰীভাষ্য’ শাস্ত্ৰ ৰচনা কৰিছিল।
ভাৰতীয় সংস্কৃতিত অৱদান – সংস্কৃতি সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
চৈতন্যদেৱ (১৪৮৬-১৫৩৩ খ্ৰীঃ) এইজনা মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল পশ্চিমবংগত ১৪৮৬ খ্ৰীষ্টাব্দত আৰু বৈকুণ্ঠগামী হৈছিল ১৫৩৩ খ্ৰীষ্টাব্দত।
তেওঁ একো গ্ৰন্থ ৰচনা কৰা নাছিল। সেয়েহে তেওঁৰ ধৰ্ম দৰ্শন সম্বন্ধে বিশ্লেষণ কৰিলে সেয়া কাল্পনিক বিশ্লেষণহে হ’ব। কিন্তু তেওঁৰ মৃত্যুৰ দুশ বছৰ পিছত অৰ্থাৎ ওঠৰ শতিকাত বলদেৱ বিদ্যাভূষণ, জীৱ গোস্বামী, কৃষ্ণ দাস কবিৰাজ আদিয়ে চৈতন্য চৰিতামৃত, চৈতন্য ভাগৱত আদি নামকৰণ কৰি চৈতন্যদেৱৰ ধৰ্ম দৰ্শন্তু বুলি প্ৰচাৰ কৰিছে। তেওঁলোকে মত প্ৰকাশ কৰিছে যে চৈতন্যদেৱ আছিল মূলতঃ ভক্তিবাদী আৰু ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তিৰ উপাসক। অৰ্থাৎ চৈতন্যদেৱে মূৰ্ত্তি পূজাত বিশ্বাস কৰিছিল। মূৰ্ত্তি পূজাত বিশ্বাস কৰিছিল যদিও তেৰাই ৰাধা-কৃষ্ণৰ নাম লৈ সংকীৰ্ত্তন প্ৰচাৰ কৰিছিল।
আকৌ অনূকুল ঠাকুৰৰ জন্ম হৈছিল উনবিংশ (উন্নৈশ) শতিকাত। অনূকুল ঠাকুৰ দেৱে কোনো শাস্ত্ৰ ৰচনা কৰি থৈ যোৱা নাই। ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তিক উপাসনা কৰে নাম-কীৰ্ত্তনৰ জৰিয়তে। তেওঁ মূৰ্ত্তি পূজাত বিশ্বাস কৰিছিল। চৈতন্যদেৱ আৰু অনূকুল ঠাকুৰদেৱে ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তিৰ কীৰ্ত্তন কৰিছিল এইদৰে —
“জয় ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে”
ইয়াত তেওঁলোকে উল্লেখ কৰা ৰাধা চৰিত্ৰটো ব্যাসদেৱ ৰচিত মূল সংস্কৃত ভাগৱতত উল্লেখ নাই। গতিকে ৰাধা চৰিত্ৰৰ সৃষ্টি ভাগৱত শাস্ত্ৰ সন্মত নহয়। সংস্কৃত ভাগৱতত মাত্ৰ গোপীসকলৰ কথাহে