জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


উল্লেখ আছে আৰু ৰাসলীলাৰ জৰিয়তে জীৱাত্মাই পৰমাত্মাত লীন হোৱাৰ উপায় বৰ্ণনা কৰা হৈছে।
শ্ৰীমৎ গোস্বামী তুলসী দাস (১৫৫৪-১৬৮০ খ্ৰীঃ) – ৰামচৰিত মানসত উল্লেখ কৰা মতে এইজনা মহাপুৰুষৰ জন্ম হৈছিল ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ ৱাঁদা জিলাৰ ৰাজপুৰ গাওঁত। পিতৃৰ নাম আত্মাৰাম ডুবে আৰু মাতৃ হুলসী।
তেৰাই শ্ৰীৰামক ঈশ্বৰৰ অৱতাৰ বুলি গ্ৰহণ কৰিছে আৰু শাস্ত্ৰসন্মতভাৱে সিদ্ধান্ত দিছে যে ৰাম-নামৰ মহত্ব অসীম। তেৰাই সনাতন ধৰ্মৰ অৱতাৰৱাদক গ্ৰহণ কৰিছিল। ঈশ্বৰ জ্ঞান প্ৰাপ্তিৰ ক্ষেত্ৰত তেৰাই ভক্তি পন্থাক উত্তম বুলি সিদ্ধান্ত দিছে। তেৰাই স্পষ্টভাৱে সিদ্ধান্ত দিছে যে ভগৱন্তৰ অৱতাৰ শ্ৰী ৰামৰ চৰণ দুখানিক শিৱ আৰু ব্ৰহ্মাইও সেৱা কৰিছিল –

শ্ৰীমৎ গোস্বামী তুলসী দাসৰ লেখনীত স্পষ্ট হৈ পৰিছে যে কলিযুগত পালন কৰিবলগীয়া একমাত্ৰ ধৰ্ম, অৰ্থাৎ যুগ-ধৰ্ম হ’ল ৰাম-নাম। তেওঁ যুগ ধৰ্ম সম্বন্ধে স্পষ্টৰূপত উল্লেখ কৰিছে এইদৰে —

সত্য, ত্ৰেতা আৰু দ্বাপৰ এই তিনিও যুগতে শিৱ আৰু নাৰদে পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্ত্তন কৰিবলৈ মানৱ জাতিক উপদেশ দিছে। ‘ৰাম চৰিত মানস’ শাস্ত্ৰত মহাপুৰুষ তুলসী দাসে উল্লেখ কৰিছে যে ত্ৰেতা যুগত শিৱই শ্ৰীৰামক পৰমব্ৰহ্মৰ অৱতাৰ বুলি ঘোষণা কৰিছে আৰু