জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


ৰাম নামৰ মহিমা সম্বন্ধে উল্লেখ কৰিছে। শ্ৰীৰামৰ সম্বন্ধে শিৱই তেওঁৰ পত্নী পাৰ্বতীক (উমা, দূৰ্গা, ভৱানী, কালী আদি নামেৰেও জনা যায়) কৈছিল এইদৰে –

শাস্ত্ৰ ৰচনা —
(১) অৱধী ভাষাত (ব্যাখ্যাখিনি আছে হিন্দী ভাষাত) শ্ৰী ৰাম চৰিত মানস ৰচনা কৰিছিল।
(২) বিনয় পত্ৰিকা নামক ভক্তি কবিতা পুথি ৰচনা কৰিছিল।
ভাৰতীয় সংস্কৃতিত অৱদান — সংস্কৃতি অৰ্থাৎ ধ্ৰু¸পদী গীত, নৃত্য, বাদ্য সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
গুৰুনানকদেৱ (১৪৬৯-১৫৩৭ খ্ৰী) ঃ এইজনা মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল ভাৰতবৰ্ষৰ পঞ্জাৱ প্ৰদেশত। তেৰাই অৱতাৰবাদত বিশ্বাস কৰা নাছিল। অদ্বৈতবাদত বিশ্বাস কৰিছিল আৰু কৃষ্ণ শব্দৰ তাত্বিক দৰ্শনক মানি লৈছিল। তেওঁ সৎ-চিৎ-আনন্দত ঈশ্বৰ জ্ঞানৰ সন্ধান কৰিবলৈ উপদেশ দিছিল। তেৰাৰ মতে ঈশ্বৰ নিৰাকাৰ, নিৰঞ্জন আৰু সবৰ্বশক্তিমান। পৰমব্ৰহ্মক তেৰাই ‘ওহে গুৰু’ আখ্যা দিছিল। নিৰাকাৰ ঈশ্বৰৰ প্ৰাৰ্থনাক তেৰাই মূল মন্ত্ৰ বুলি সিদ্ধান্ত দিছিল।
‘ওহে গুৰু’ অৰ্থাৎ ‘সৎ গুৰু’ৰ গুণানুকীৰ্ত্তন বা প্ৰাৰ্থনা কৰাটোৱে মানৱ জাতিৰ মূল ধৰ্মীয় কৰ্ত্তব্য।
ধৰ্মীয় দৰ্শন প্ৰতিষ্ঠা — শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল।
গ্ৰন্থ ৰচনা — গুৰু-গ্ৰন্থ-ছাহিব শাস্ত্ৰ ৰচনা কৰিছিল।
ভাৰতীয় সংস্কৃতিত অৱদান — সংস্কৃতি সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
স্বামী বিবেকানন্দ – স্বামী বিবেকানন্দৰ জন্ম হৈছিল ১৮৬৩ খ্ৰীষ্টাব্দত আৰু প্ৰায় 3জ্জ্ব বছৰ কাল জীয়াই আছিল। মূলত ঃ তেওঁ আছিস জ্ঞানবাদী আৰু অদ্বৈতবাদী। কিন্তু মন কৰিবলগীয়া যে তেওঁ কৰ্মকাণ্ড, মূৰ্ত্তিপূজা আদি হিন্দু ধৰ্মৰ প্ৰচলিত অন্ধবিশ্বাসৰ বিৰুদ্ধে উদাত্ত কণ্ঠে প্ৰতিবাদ কৰিব পৰা নাছিল। এবাৰ বেলুৰ মঠত এজন শিষ্যই তেওঁক প্ৰশ্ন কৰিছিল যে মূৰ্ত্তি পূজাৰ দ্বাৰা মুক্তি লাভ হয়নে। তেতিয়া স্বামীজীয়ে উত্তৰ দিছিল এইবুলি —”Image-worship can not directly give Mukti, it may be an indirect cause, a help on the way. Image-worship should not be condemned, for, with many, it prepares the mind for the realisation of the Advaita, which alone makes man perfect.” (complete works of Swaamee Vevekaananda, page No. 388)