জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


স্বামীজীৰ গুৰু ৰামকৃষ্ণপৰমহংস। যিহেতু ৰামকৃষ্ণ পৰমহংদেৱ “কালী” উপাসক আছিল, সেয়েহে স্বামী বিবেকানন্দই স্পষ্টভাৱে মূৰ্ত্তি পূজাৰ বিৰুদ্ধে সিদ্ধান্ত দিব পৰা নাছিল। স্বামী বিবেকানন্দই “কালী” দেৱীক কালী মাঁ ৰূপে সম্বোধন কৰি “Kali the Mother ” নামেৰে এটা কবিতা ৰচনা কৰিছিল। তেওঁৰ বিভিন্ন ৰচনাত “কালী” মাঁক ৰক্ষাকাৰী আৰু পাপীসকলৰ বাবে ধবংসকাৰী বুলি কৈছে। গতিকে তেওঁ সগুণ ভক্তিৰ পালৰ পৰা কালী ভক্ত আৰু বেদান্ত দৰ্শনৰ ক্ষেত্ৰত দিয়া তেখেতৰ বিশ্লেষণ সমূহৰ পৰা কব পাৰি যে তেওঁ জ্ঞানবাদী আছিল। কালী আৰু দূৰ্গা সম্বন্ধে ব্যাখ্যা কৰা শাস্ত্ৰ যেন যোগিনী তন্ত্ৰ, কালিকা পূৰাণ আদিক তান্ত্ৰিক শাস্ত্ৰ বোলা হয় আৰু এইবোৰ আগম শাস্ত্ৰৰ অন্তৰ্ভুক্ত।
স্বামী বিবেকানন্দই “The Vedanta Philosophy” নামৰ প্ৰৱন্ধটোত উল্লেখ কৰিছে যে সাংখ্য দৰ্শনৰ পুৰুষ হ’ল বেদান্ত, অৰ্থাৎ উপনিষদৰ ঈশ্বৰ বা পৰমব্ৰহ্ম বা পৰমাত্মা—

“The vedanta and sankhya philosophy are very litle opposed to each other. The vedanta God developed out of the Sankhya’s Purusha. All the systems take up the psuchology of the sankhya. Both the vedanta and the sankhya believe in the infinite soul.”

পোন্ধৰ শতিকাতে জন্ম গ্ৰহণ কৰা মহাপুৰুষ মাধৱদেৱে প্ৰকৃতি-পুৰুষ সম্বন্ধে স্পষ্ট ব্যাখ্য দিছে। এয়া সাংখ্য দৰ্শন, বেদান্ত দৰ্শন, গীতা, ভাগৱতৰ মূল তত্ব। তেওঁ নামঘোষাত লিখিছিল এইদৰে —
“প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।।” (মহাপুৰুষ মাধৱেৰ ৰচিত নামঘোষা শাস্ত্ৰ)
সংস্কৃতত আছে —
“কৃষ্ণ এৱ পৰো দেৱঃ প্ৰধানপুৰুষেশ্বৰ।
আত্মা সমস্তভূতানাং সতাং পৰম বান্ধৱ।।”
অৰ্থাৎ উৰণ, বুৰণ, গজন, ভ্ৰমণ এই চাৰি মুঠি জীৱনৰ লগতে সমস্ত দেৱ-দেৱীসমূহ হ’ল প্ৰকৃতি। জীৱদেহৰ ভিতৰত থকা জীৱাত্মাই হ’ল পুৰুষ। প্ৰকৃতি মৰণশীল আৰু পুৰুষ (আত্মা) হ’ল অবিনাশী। জীৱদেহ আৰু জীৱাত্মৰ নিয়ন্ত্ৰণ কৰোতা হ’ল মৰমাত্মা বা ঈশ্বৰ।
সনাতন ধৰ্মৰ সমস্ত শাস্ত্ৰৰ শিৰোমণি হ’ল গীতা শাস্ত্ৰ। এই তত্ব কথাষাৰ স্বামীজীয়েও স্বীকাৰ কৰিছে —

“Then, between the upanishads and sutrasm, which are the systematising of the marvellous truths of the vedanta, comes in the Gita, the divine commentary of the vedanta.” (Complete works of Swami vivekananda in his article Vedanta, page no. 246).

গন্থ ৰচনা — তেখেতে ৰচনা কৰা বিভিন্ন প্ৰৱন্ধ, বক্তৃতা, কথোপকথন সমূহৰ সংকলন গ্ৰন্থ “The Complete works of Swami Vivekananda.””
ভাৰতীয় সংস্কৃতি সম্বন্ধে ৰচনা — সংস্কৃতি সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
মহামানৱ মহাত্মা গান্ধী (১৮৬৯-১৯৪৮ খ্ৰীঃ) – মহামানৱ মহাত্মা গান্ধীৰ আৱিৰ্ভাৱ হৈছিল ভাৰতবৰ্ষৰ গুজৰাট প্ৰদেশৰ পোৰবন্দৰ নামে ঠাই। মহাত্মা গান্ধী আৰু তেওঁৰ কৰ্ম্ম জীৱন হ’ল সমগ্ৰ ভাৰতবৰ্ষৰ বাবে পৰম গৌৰৱৰ বিষয় আৰু সমগ্ৰ বিশ্বলৈ ঈশ্বৰৰ এক বিৰল আশীৰ্বাদ। মহাত্মা গান্ধীৰ কৰ্ম জীৱনৰ মূল চালিকা শক্তি হ’ল গীতা-শাস্ত্ৰ। গীতা-শাস্ত্ৰৰ অহিংসা-নীতিক কেন্দ্ৰ