জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
বিন্দু হিচাপে লৈ তেওঁ মানৱ কল্যানকেই ব্যৱহাৰিক ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰিলে। ইয়াৰ বাবে তেখেতে কেৱল তাত্বিক বিশ্লেষণতে আৱদ্ধ নাথাকি সমাজৰ মাজত ব্যৱহাৰিকভাৱে আত্মনিয়োগ কৰিছিল। তেওঁ এখন অস্পৃশ্যতা বিহীন, জাতি-ভেদ বিহীন সাম্যবাদী সমাজ গঢ়িবলৈ হাতে কামো জৰিত হৈ পৰিছিল। ভাৰতীয় সমাজৰ নীচ সম্প্ৰদায়ক ‘হৰিজন’ নামেৰে বিভূষিত কৰি তেওঁলোককো সমান অধিকাৰ প্ৰদানৰ বাবে তেওঁ কাম কৰি গৈছিল। তেৰাই Sweeper অৰ কামো নিজে কৰি দেখুৱাইছিল আৰু কুণ্ঠৰোগীসকলক শুশ্ৰূষা কৰি ব্যৱহাৰিক অৰ্থত মানৱ-কল্যান কৰ্মত ৰত হৈছিল। এইদৰে ব্যৱহাৰিকভাৱে সমাজ কল্যানৰ কামৰ অগ্ৰসৰ হোৱা ব্যক্তি পৃথিৱীতে বিৰল।
তেওঁ অহিংসা পৰম ধৰ্ম গীতা শাস্ত্ৰৰ এই পৰম শাশ্বত বাণীক সাৰোগত কৰি তেত্ৰিশ কোটি ভাৰতীয়ক একত্ৰিত কৰি ব্ৰিটিছৰ অহিংস নীতিৰে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন আৰম্ভ কৰিছিল।
ভাৰতীয় সংস্কৃতিৰ আত্মা হ’ল গীতা শাস্ত্ৰ। এই শাস্ত্ৰৰ মহান বাণী অহিংসা পৰম ধৰ্ম এই মূলমন্ত্ৰক সাৰোগত কৰি দৃঢ় বিশ্বাসেৰে সৈতে মহাত্মা গান্ধীয়ে শেষত ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ সক্ষম হৈছিল। এয়াই হ’ল শাস্ত্ৰৰ জয়, অস্ত্ৰৰ পৰাজয়। বিশ্বৰ ইতিহাসত মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত ভাৰতৰ স্বাধীনতাৰ বাবে কৰা অহিংস গণতান্ত্ৰিক আন্দোলন এক বিৰল উদাহৰণ। হিংসা নীতি অৱলম্বন কৰা হ’লে ভাৰতীয় সংস্কৃতিৰ আত্মাক কুঠাৰাঘাত কৰা হ’লহেতেন আৰু ভাৰতীয়সকল হিংসাৰ পূজাৰী বুলি বিশ্ব ইতিহাসত চিহ্নিত হ’লহেতেন। গীতা শাস্ত্ৰ সম্বন্ধে গান্ধীজীয়ে উল্লেখ কৰিছে যে গীতা শাস্ত্ৰখন ধৰ্মীয় গোড়ামীৰ পৰা সম্পূৰ্ণ মুক্ত। গীতা এখন সম্পূৰ্ণ ব্যৱহাৰিক যুক্তি সন্মত নৈতিক শাস্ত্ৰ। এই শাস্ত্ৰখনে বুদ্ধি আৰু হৃদয় দুয়োকে তৃপ্ত কৰে। আকৌ প্ৰাৰ্থনা সম্বন্ধে গান্ধীজীয়ে কৈছিল যে দৈনন্দিন জীৱনত ন্যায় কাম কৰাটোৱে হ’ল সৰ্বোৎকৃষ্ট প্ৰাৰ্থনা
অহিংসা সম্বন্ধে গান্ধীজীয়ে উল্লেখ কৰিছে এইদৰে —
” I have been practising with scientific precision, non violence and its possibilities for an unbroken period of fifty years. I have applied it every walk of life, domestic, institutional, economic and political. I know of no single case in which it had failed.” He stated that his non violence is the no violence of brave and not of coward. Because there is possibilities of violent person to become non-violent, but there is no possibilities of a coward to become a non-violent person. Because coward does not listen to the soul, for which he dies many times before death.
সাম্যবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰিছিল। ভাৰতবৰ্ষত প্ৰচলিত সামন্ত প্ৰথাৰ বিলোপ ঘটাই পঞ্চায়তীৰাজ স্থাপনৰ বাবে মহাত্মা গান্ধীয়ে কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়েহে স্বাধীন ভাৰতৰ সংবিধানত পঞ্চায়তীৰাজৰ ব্যৱস্থা ৰখা হৈছিল। আজিৰ ভাৰতবৰ্ষই এই ব্যৱস্থাৰ সুফল লাভ কৰিছে আৰু ইয়াৰ ফলত প্ৰত্যেক পঞ্চায়ত একোখন ক্ষুদ্ৰ সংসদ হিচাপে পৰিগণিত হৈছে। ফলত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ঘটিছে আৰু প্ৰতিজন নাগৰিকেই শাসনৰ সুফলৰ অংশীদাৰ হৈ পৰিছে। মহাত্মা গান্ধীয়ে তেওঁ ৰচনাসমূহৰ জৰিয়তে উল্লেখ কৰিছে যে এশ শতাংশ নাগৰিক শিক্ষিত হ’লেহে ভাৰতবৰ্ষত গণতন্ত্ৰ সফল হ’ব। স্বৰাজ বা ৰামৰাজ্য সম্বন্ধে কৈছিল —
