জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
“Swaraaj for me means freedom for the meanest of our countrymen. Real swaraaj will not come by the acquisition of authority by a few, but the acquisition of capacity by all to resist authority if abused.” He stated that swaraaj will be meaningful in true spirit when every citizen will become self sufficient in his basic need.
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মীয় আদৰ্শত আকৃষ্ট হৈ মহাত্মা গান্ধীয়ে এইদৰে ঘোষণা কৰিছিল —
“What Shankardev was able to do, today the whole army of English knowing can not do. I have nothing to teach the people of Assam. The Ram Rajya which I imagine today, had been established in Assam long ago by Shankardev. I am only persing him.”
দুইহেজাৰ সাত খ্ৰীষ্টাব্দৰ পৰা প্ৰতি বছৰে মহাত্মা গান্ধীৰ জন্মদিনটো “আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস” (International non violence day) হিচাপে পালন কৰিবলৈ United Nations organisation (UNO)এ সৰ্বসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পা দুই অক্টোবৰ দিৱসটো বিশ্বৰ প্ৰতিখন দেশতেই “আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস” হিচাপে পালন কৰা হ’ব। আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালনৰ জৰিয়তে এটা কথা প্ৰমাণ হ’ল যে গীতা-শাস্ত্ৰখন সমগ্ৰ বিশ্বৰে শিৰৰ মুকুত আৰু ভগৱান শ্ৰীকৃষ্ণ সমগ্ৰ বিশ্বৰেই আত্মা। ধৰ্মীয় দৰ্শন প্ৰতিষ্ঠা—অহিংসা পৰম ধৰ্ম এই তত্ব ব্যৱহাৰিকভাৱে প্ৰতিষ্ঠা কৰিছিল। গ্ৰন্থ ৰচনা — My Experiment with the Truth নামৰ গ্ৰন্থৰ উপৰিও ছাত্ৰ জীৱন, শিক্ষা, ধৰ্মীয় দৰ্শন, ৰাজনীতি, সমাজনীতি, সমাজ সংস্কাৰ আদি সম্বন্ধে অসংখ্য ৰচনা সম্ভাৰ আছে।
ভাৰতীয় সংস্কৃতি সম্বন্ধে — সংস্কৃতি সম্বন্ধে অৰ্থাৎ ধ্ৰুপদী গীত, নৃত্য, বাদ্য আদি সম্বন্ধে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল।
ISKON – প্ৰভূপাদ গোস্বামীদেৱে প্ৰতিষ্ঠা কৰিছিল বিংশ শতিকাত। ভগৱন্ত কৃষ্ণক পৰমব্ৰহ্ম মানি তেওঁ এটা শাৰীৰ ভজন প্ৰচাৰ কৰিছে আৰু সেয়া হ’ল —
“হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে।
হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে।”
এই শাৰী ভজন উপনিষদৰ কলি সন্তৰন উপনিষদৰ পৰা লোৱা হৈছে। ব্ৰহ্মাদেৱে এইশাৰী মন্ত্ৰ দেৱৰ্ষি নাৰদক দিছিল আৰু নাৰদে পৃথিৱীত প্ৰচাৰ কৰিছিল।
অৰ্থাৎ এয়া এক শৰণ হৰি নাম ধৰ্মৰ বাণী। যদি প্ৰভূপাত গোস্বামী দেৱে মূৰ্ত্তি উপাসনা নকৰাকৈ কেৱল কৃষ্ণ-ৰাম কীৰ্ত্তন কৰে তেতিয়াহ’লে তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ হৰি নাম ধৰ্মৰে অনুগামী, অৰ্থাৎ শঙ্কৰদেৱ পন্থী।
