জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


ত্ৰয়োদশ অধ্যায়
মই বিচৰা ভাৰতবৰ্ষ

(১) যিকোনো মূল্যৰ বিনিময়ত প্ৰতিজন নাগৰিক সঁচা অৰ্থত ৰাষ্ট্ৰ-ভক্ত হ’ব লাগিব। ভাৰতৰ ভৌগোলিক অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ জনসাধাৰণক অংশীদাৰ কৰি লব লাগিব। ইয়াৰ বাবে সমানুপাতিকভাৱে প্ৰতিখন ৰাজ্যৰ যুৱক-যুৱতীসকলক CRPF, ARMY, ITBP, AIRFORCE, NAVY ৰ দৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ শাখা সমূহত সমতা ৰক্ষা কৰি নিযুক্তি দিব লাগে।
(২) ভাৰতবৰ্ষত জনসংখ্যা বিস্ফোৰণে নিয়ন্ত্ৰণ কৰিব নোৱাৰা সমস্যাৰ সৃষ্টি কৰিব। ফলত ভূমিহীনৰ সংখ্যা অস্বাভাৱিকভাৱেই বৃদ্ধি হ’ব আৰু নিবনুৱাৰ সংখ্যাও বাঢ়ি যাব। সেয়েহে সময় থাকোতেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব। ৰাজনৈতিক দলসমূহে দেশৰ মঙ্গলৰ লক্ষ্য সন্মূখত ৰাখি সকলো ধৰ্মৰ নাগৰিকৰ বাবে সকলো ক্ষেত্ৰতে ‘এক দেশ, এক আইন’ প্ৰৱৰ্ত্তন কৰিব লাগিব। তেতিয়া বহু সমস্যা বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে সমাধান হ’ব। সকলো ধৰ্মাৱলম্বী নাগৰিকৰ বাবে এক পত্নী (Monogamy) পদ্ধতিক মান্যতা দিব লাগে আৰু দুটা বা তিনিটা সন্তান হোৱাৰ পিছত বন্ধ্যাকৰণ (Sterilization) কৰাৰ নিয়ম বাধ্যতামূলক কৰিব লাগে।
(৩) পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা কৰাটো বিশ্বৰ প্ৰতিজন নাগৰিকৰ প্ৰধান ধৰ্ম। যিবোৰ পৰম্পৰা পালনে প্ৰাকৃতিক ভাৰসাম্যতাত ঋণাত্মক প্ৰভাৱ পেলাই সমস্ত জীৱজগতৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব লাগিছে, তেনেবোৰ পৰম্পৰা ত্যাগ কৰা উচিত। বৰ্তমান যুগত বায়ু আৰু জল প্ৰদূষণে সমস্ত জীৱজগতক ধবংসৰ গৰাহত পতিত কৰাব পৰা অন্যতম কাৰণ হিচাপে প্ৰমাণিত হৈছে। প্ৰতি বছৰে মূৰ্ত্তি পূজনৰ নামত কোটি কোটি মাটিৰ মূৰ্ত্তি বিভিন্ন জলাশয়ত উটুৱাই দিয়া হয়। দীৰ্ঘকাল ধৰি চলি অহা এই পৰম্পৰাৰ ফলত যোৱা কিছু বছৰ ধৰি দেখা গৈছে যে নদ-নদী আৰু সাগৰৰ গভীৰতা দ্ৰুতগতিত কমি আহিছে। আকৌ মূৰ্ত্তি নিৰ্মাণত ব্যৱহাৰ হোৱা প্লাষ্টাৰ অফ