জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
পেৰিছ আৰু ৰাসায়নিক ৰঙ সমূহেও বহুতো জলচৰ প্ৰাণীৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে। বিজ্ঞানীসকলৰ অধ্যয়ণে এই তথ্যবোৰ পোহৰলৈ আনিছে। সেইবাবেই তামিলনাডুৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (২০০৫ চনত) জলাশয়ত মূৰ্ত্তি বিসৰ্জনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আকৌ deforestation ৰ ফলত ভূমিৰ ক্ষয় বৃদ্ধি পাইছে যাৰ ফলত নদ-নদী আৰু সাগৰৰ গভীৰতা কমি আহিছে।
মোৰ বিবেচনা মতে মৃতদেহ সংৎকাৰৰ ব্যৱস্থা electric incinerator ব্যৱহাৰৰ দ্বাৰা হোৱা উচিত আৰু সকলো ধৰ্মৰ লোকৰ বাবে এই ব্যৱস্থা উমৈহতীয়া হ’ব লাগে। ফলত বায়ু প্ৰদূষণ আৰু বন ধবংসীকৰণ কিছু পৰিমাণে হ’লেও হ্ৰাস পাব। আকৌ কবৰ দিয়া পদ্ধতিৰ ফলত এদিন জীৱন্ত মানুহৰ বাবে ভূমিৰ নাটনি হ’ব যেন লাগে। পৰম্পৰা ৰক্ষাৰ নামত এইবোৰ অন্ধবিশ্বাস মাত্ৰ। আমি সকলো ভাৰতীয়ই বিচাৰো যে ভাৰতবৰ্ষ বিশ্ব সভ্যতাৰ পথ-প্ৰদৰ্শক হওঁক। এই লক্ষ্যত উপনীত হ’বলৈ হ’লে আমাৰ মানসিকতাও বিজ্ঞানসন্মত হোৱা উচিত। সংক্ষিপ্তভাৱে ক’বলৈ গ’লে ঈশ্বৰৰ সৃষ্টিক প্ৰতিপালন আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব হ’ল মানৱ জাতিৰ। গতিকে পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ বাবে কাৰ্য্য কৰোতাসকল হ’ল ঈশ্বৰ ভক্ত আৰু পৰিৱেশ প্ৰতিকুল কাৰ্য্য কৰোতা সকলেই হ’ল মহাপাপী। সেয়ে বৰ্তমান যুগত ধৰ্মও পৰিৱেশ অনুকুল হোৱাটো বাধ্যতামূলক।
(৪) অসমে যি চিন্তা আজি কৰে, সেয়া দেশৰ অন্য ৰাজ্যসমূহে অহাকালিহে কৰে আৰু ইয়াৰ প্ৰমাণ হ’ল অসমৰ বাংলাদেশী বিতাৰণ আন্দোলন। দেশৰ চাৰিসীমাৰ নিচ্ছিদ্ৰকৰণ অনতিপলমে হ’ব লাগে। উল্লেখনীয় যে ভাৰতৰ সাবৰ্বভৌমত্ব ৰক্ষাৰ আন্দোলন হিচাপে গঢ় লৈ উঠিছিল অসম-আন্দোলন। লক্ষ্য আছিল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ বিতাৰণ। বৰ্ত্তমান দৃশ্যপটত সকলো ভাৰতীয়ই স্বীকাৰ কৰিছে যে ভাৰতবৰ্ষৰ ভৌগোলিক তথা ৰাজনৈতিক অখণ্ডতা ৰক্ষা কৰিবলৈ হ’লে ভাৰত-বাংলাদেশ আৰু ভাৰত-পাকিস্তান সীমা নিচ্ছিদ্ৰকৰণ অতি আৱশ্যক আৰু এয়া সম্ভৱ হ’ব একমাত্ৰ পকী দেৱাল নিৰ্মাণৰ দ্বাৰা। কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষাৰ বাবে হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰে আৰু তাৰেই দহ শতাংশ কৈ প্ৰতি বছৰে সীমান্তত পকী দেৱাল নিৰ্মাণৰ বাবে ব্যয় কৰিলে আশানুৰূপ ফল পোৱা যাব নিশ্চয়। দেৱাল নিৰ্মাণ সম্পূৰ্ণ হ’লে অবৈধ প্ৰব্ৰজনৰ লগতে উগ্ৰবাদী, ধৰ্মীয় মৌলবাদী সমস্যাৰো সমাধান হ’ব। অন্যথা ভাৰতবৰ্ষৰ ভৱিষ্যত অন্ধকাৰ। পলমলৈ হ’লেও কেন্দ্ৰীয় চৰকাৰে দুটা মুখ্য সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়া হ’ল সীমান্ত নিচ্ছিদ্ৰকৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণ। এয়া হ’ল ভাৰতবৰ্ষৰ স্বাৰ্থত হোৱা অসম আন্দোলনৰ ফল।
(৫) মানৱ সম্পদৰ পূৰ্ণ ব্যৱহাৰ হ’লেহে সমগ্ৰ দেশৰ অৰ্থনৈতিক প্ৰগতি হোৱা বুলি ক’ব পাৰি। উচ্চমান বিশিষ্ট কৰ্ম-নিষ্কাৰণ (extraction of high quality work) আৰু কৰ্মৰ পৰিমাণ (quantity of work) এই দুয়োটা মাপকাঠীৰ ওপৰত ভিত্তি কৰিহে প্ৰতিযোগী মানৱ সম্পদ সৃষ্টি কৰিব পৰা যাব। এই গোলকীকৰণৰ যুগত উচ্চমান-বিশিষ্ট প্ৰতিযোগী মানৱ সম্পদ (high quality human resource) প্ৰচুৰ মাত্ৰাত সৃষ্টি কৰিব নোৱাৰিলে ভাৰতবৰ্ষই উন্নত দেশৰ লগত প্ৰতিযোগিতা সন্মুখীন হ’ব নোৱাৰিব আৰু অৰ্থনৈতিকভাৱে অৱনমিত হ’ব।
ইয়াৰ পদক্ষেপ হিচাপে দেশৰ প্ৰতিৰক্ষা আৰু অৰ্থ-বিভাগ চৰকাৰী খণ্ডত ৰাখি বাকী সকলো বিভাগ (department)ব্যক্তিগত খণ্ডৰ অধীনলৈ আনিব লাগে। দেশৰ সৰ্বাত্মক প্ৰগতিৰ
