জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


শ্ৰীমন্ত শংকৰদেৱৰ বংশ পৰিচয় ঃ- শঙ্কৰদেৱ গুৰুজনাৰ চতুৰ্থ উপৰি পুৰুষ চণ্ডীবৰ আছিল উত্তৰ প্ৰদেশৰ কনৌজৰ বাসিন্দা। তেৰ শতিকাত চাহাবুদ্দিনে দিল্লী আৰু কনৌজ আক্ৰমণ কৰাত চণ্ডীবৰে বাৰটা ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়ালক লগত লৈ কনৌজ ত্যাগ কৰে আৰু গৌৰ ৰাজ্যত উপস্থিত হয়। গৌৰ ৰাজ্যৰ ৰজা ধৰ্মনাৰায়নে গুৰুজনাৰ চতুৰ্থ উপৰিপুৰুষ চণ্ডীবৰক মাটি – বাৰী, নানা উপহাৰ আদি প্ৰদান কৰি নিজ ৰাজ্যতে স-সন্মানে বসবাস কৰিবলৈ দিলে। চৰিত পুথিমতে কমতাপুৰৰ ৰজা দুৰ্ল্লভেশ্বৰ আৰু গৌৰৰাজ্য (আজিৰ পশ্চিমবঙ্গ)ৰ ৰজা ধৰ্মনাৰায়নৰ মাজত বিবাদ হৈ শেষত মিত্ৰতা স্থাপন হয়। ৰজা দুৰ্ল্লভেশ্বৰে নিজ ৰাজ্য কমতাপুৰৰ বাবে সাত ঘৰ কায়স্থ আৰু সাত ঘৰ ব্ৰাহ্মণ বিচৰাত, মিত্ৰতা অটুত ৰাখিবৰ বাবে গৌৰ ৰাজ্যৰ ৰজা ধৰ্মনাৰায়নেও সন্মতি প্ৰদান কৰিলে। কায়স্থ সকলে প্ৰথমে লেঙ্গামাগুৰিত বাস কৰিছিল আৰু পিচত উজাই আহি আজিৰ অসমৰ নগাওঁ জিলাৰ বৰদোৱা অঞ্চলত বসবাস কৰিবলৈ লয়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পিতা কুসুম্বৰ শিৰোমণি ভূঞা। কুসুম্বৰৰ উপৰি পুৰুষ হ’ল সূৰ্য্যবৰ। সূৰ্য্যবৰৰ উপৰিপুৰুষ হ’ল ৰাজধৰ আৰু ৰাজধৰৰ উপৰিপুৰুষ চণ্ডীবৰ। ভূঞাসকল কায়স্থ হয় আৰু কায়স্থৰ স্থান ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত। এওঁলোক জমিনদাৰ, অৰ্থাৎ ভূমিৰ মালিক, দক্ষ প্ৰশাসক আৰু বৌদ্ধিকভাৱে আগবঢ়া আছিল। পশ্চিমবঙ্গত ভৌমিক, অসমত ভূঞা, উত্তৰ প্ৰদেশ আৰু বিহাৰত শ্ৰীবাস্তৱ আৰু নেপালত জইচি উপাধিৰে জনা যায়।
ওঠৰ বছৰ বয়সৰ পৰা একত্ৰিশ বছৰ বয়স পৰ্য্যস্ত ঃ- মহেন্দ্ৰ কন্দলিৰ টোলত ছয়বছৰ কাল শিক্ষা গ্ৰহণ কৰি সোতৰ বছৰ বয়সত ঘৰলৈ উভতি আহে। সমাজত যেতিয়া শাস্ত্ৰ-চৰ্চা হয়, তেতিয়া শঙ্কৰদেৱে বৈকুণ্ঠ সম্বন্ধে বৰ্ণনা দিছিল। তেতিয়া সমাজৰ অনুৰোধ ক্ৰমে বৈকুণ্ঠৰ বিষয়ে জ্ঞান দিয়াৰ অৰ্থে ১৪৬৮ খৃষ্টাব্দত ‘চিহ্নযাত্ৰা’ নাট ৰচনা কৰি বৰদোৱাৰ টেম্বুৱনীত প্ৰদৰ্শন কৰিলে। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অন্য ছয়খন অঙ্কীয়া নাট্য (নাটক) ও ব্ৰজাৱলী (ব্ৰজভাষা বা ব্ৰজবুলি) ভাষাত ৰচনা কৰিছিল। চিহ্নযাত্ৰা নাটখন গীত নৃত্য – বাদ্য – সংলাপ আৰু অভিনয়েৰে পৰিপূৰ্ণ এখন পূৰ্ণাঙ্গ