জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


বাবে individual enterprise sector, corporate sector and govt sector অত প্ৰয়োজনীয় সকলো group যেনে A, B, C, and D ৰ বাবে উচ্চমান বিশিষ্ট প্ৰতিযোগী কৰ্মী সৃষ্টি কৰাটোৱেই হ’ল বৰ্ত্তমান যুগৰ মূখ্য আহবান।
এই ক্ষেত্ৰত উল্লেখ কৰাটো সমীচিন হ’ব যে ১৯৭১ চনৰ পৰা কাৰ্য্যকৰী হোৱা অৰ্থনৈতিক উদাৰীকৰণ নীতি আৰু ব্যক্তিগতকৰণৰ ফলত আজিৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক স্থিতি বহুখিনি সবল হৈছে। সকলো শ্ৰেণীৰে ভাৰতীয়সকলৰ জনমূৰি উপাৰ্জন আৰু ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে আৰু যথেষ্ট সংখ্যক কৰ্ম সৃষ্টি হৈছে। ভাৰতবৰ্ষত প্ৰায়োগিক অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰসিদ্ধ অৰ্থনীতিবিদ শ্ৰীমনমোহন সিং (বৰ্ত্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী), শ্ৰী পি. চিদাম্বৰম আৰু শ্ৰী য়ছৱন্ত সিনহাৰ অৱদান উল্লেখনীয়।
(৬) সকলোৰে বাবে সুস্বাস্থ্য নামেৰে ৰাষ্ট্ৰীয় যোজনা আৰম্ভ কৰিব লাগে আৰু সমান্তৰালভাৱে কৃষিকাৰ্য্যত ৰাসায়নিক সাৰ প্ৰয়োগ নিষিদ্ধ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি জৈৱ সাৰ ব্যৱহাৰৰ বাবে কৃষকসকলক উদ্‌গনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। কেঁচু সাৰ, পচন সাৰ, গোবৰ সাৰ আদিৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগিব।
ৰাসায়নিক সাৰে কৃষি ভূমিৰ আৰ্দ্ৰতা হ্ৰাস কৰাৰ লগতে কৃষিভূমিত ইয়াৰ প্ৰয়োজন প্ৰতি বছৰে বৃদ্ধি কৰে। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ (ICAR) ৰ দ্বাৰা কৃত বৈজ্ঞানিক অনুসন্ধানৰ পৰা জনা গৈছে যে ধাৰাবাহিকভাৱে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত কৃষি ভূমিৰ উৰ্বৰ শক্তি (Fertility strength) বিশৰ পৰা পচিশ বছৰত লুপ্তপ্ৰায় হৈ পৰে। ৰজ্ঝজ্জ্বজ্ঝ চনৰ এক তথ্য মতে এজন ভাৰতীয়ই দৈনন্দিন আহাৰৰ মাধ্যমত প্ৰতিদিনে ঙ্ম.চ্7 মিলিগ্ৰাম হিচাপত ৰাসায়নিক সাৰ গ্ৰহণ কৰি আছে। গতিকে সমগ্ৰ মানৱ জাতি, পশু-পক্ষী আদিৰ সুস্বাস্থ্যৰ বাবে বৰ্ত্তমান যুগত পৰিৱেশ অনুকুল সেউজ বিপ্লৱ অতীব প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।
আকৌ গ্ৰীণ হাউচ গেচ হ’ল পাৰিপাশ্বিক ভাৰসাম্যহীনতাৰ কাৰণ সমূহৰ ভিতৰত অন্যতম। গ্ৰীণ হাউচ গেছৰ উৎস হ’ল জীৱাষ্ম ইন্ধন (fossil fuel)। জীৱাষ্ম ইন্ধন বুলিলে ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ আৰু তৈলৰ পৰা উৎপাদিত ডিজেল, পেট্ৰ’ল, কোৰোচিন আদিক বুজায়। সেয়েহে বিজ্ঞানীসকলে এতিয়া উদ্ভিদৰ পৰা (উদাহৰণস্বৰূপে জেট্ৰ’ফা বা ভোট এৰা) ডিজেন, পেট্ৰ’ল আদি ইন্ধন প্ৰস্তুতকৰণৰ বাবে বৈজ্ঞানিক অনুসন্ধান কৰি সুফল পাইছে। অদূৰ ভৱিষ্যতত উদ্ভিদৰ পৰা ইন্ধন আৰু পশু আৰু মানুহৰ মল-মূত্ৰৰ পৰা ৰন্ধন গেছ আৰু বিজুলী শক্তি উৎপাদন কৰি ব্যৱসায়িক ভিত্তিত প্ৰচলন হ’ব। বৰ্তমান প্ৰেক্ষাপটত সমস্ত জীৱ-জগত ৰক্ষাৰ একমাত্ৰ উপায় হ’ল নেচাৰনমিক্স naturenomics) নীতি। Naturenomics হ’ল পাৰিপাৰ্শিক বাৰসাম্যতা ৰক্ষা কৰি অৰ্থনৈতিক উন্নতি সাধন কৰা।
(৭) ৰাজ্য সমূহৰ মাজত থকা আৰ্থিক বৈষম্য দূৰীকৰণ নীতি গ্ৰহণ কৰিব লাগিব। ব্যক্তিগত খণ্ডৰ বিনিয়োগ প্ৰতিখন ৰাজ্যতে সমানুপাতিকভাৱে হ’ব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে নিজেই এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰ্ত্তৃপক্ষ হিচাপে দায়িত্ব পালন কৰিব লাগিব। তেতিয়া জনসাধাৰণৰ বাবে কৰ্ম-সৃষ্টি হ’ব আৰু ফলস্বৰূপে দেশত কৰ্ম সংস্কৃতি গঢ় লৈ উঠিব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ’ব।