জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


(৮) তেজৰ সম্বন্ধ স্থায়ী, শক্তিশালী আৰু প্ৰেম সঞ্চাৰকাৰী। জাতি ধৰ্ম নিৰ্বিশেষে বৈবাহিক সম্বন্ধ স্থাপনত উৎসাহ দিয়া উচিত। ইয়াৰ দ্বাৰা আন্তঃজাতীয়, আন্তঃধৰ্মীয় বান্ধোন সহিষু্ণতাপূৰ্ণ আৰু শক্তিশালী হয়। এই ব্যৱস্থাৰ দিশত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিলে অহা পচিশ বছৰৰ ভিতৰত ব্যৱহাৰিক অৰ্থত এক ৰাষ্ট্ৰ ভাৰত ৰাষ্ট্ৰ, এক জাতি ভাৰতীয় জাতি প্ৰতিষ্ঠা হ’ব। দহ বছৰৰ বাবে পাইলট প্ৰজেক্ট হিচাপে লৈ প্ৰতি যোৰা আন্তঃজাতি বা আন্তঃধৰ্মীয় দম্পতীক পাঁচ লাখকৈ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিলে ব্যৱসায়ৰ জৰিয়তে তেওঁলোক আত্মনিৰ্ভৰশীলো হ’ব। অস্পৃশ্যতা, জাতিভেদ, ধৰ্মীয় অসহিষু্ণতা, দহেজ ব্যৱস্থাই ্‌অভিশাপ হিচাপে ঠিয় দিয়া ভাৰতীয় সমাজ ব্যৱস্থাৰ বাবে ওপৰোক্ত ব্যৱস্থাৰ প্ৰচলনে মহৌষধিৰ কাম কৰিব, ই ধ্ৰু¸ৱ সত্য। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে নামঘৰত একেলগে বহিবলৈ, প্ৰসাদ গ্ৰহণ কৰিবলৈ আৰু শাস্ত্ৰ পাঠ বা নাম কীৰ্ত্তনৰ ক্ষেত্ৰত আগভাগ লবলৈ অধিকাৰ দি থৈ গৈছে। আকৌ অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত গুৰুজনাই উৎসাহ দিয়াৰ কথা গুৰু চৰিতত উল্লেখ আছে।
(৯) UPSC ৰ অতীনত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অৰ্হতা (Merit) ৰ আধাৰত ক্ৰমে IAS, IPS, IFS হিচাপে Rank পায় আৰু সেইমতে প্ৰশাসন বিভাগ, আৰক্ষী বিভাগ আদিত Class one officer হিচাপে নিযুক্তি পায়।
এই ক্ষেত্ৰত অন্য প্ৰফেচনেল কলেজৰ পৰা IAS, APS, IFS আদিৰ বাবে একোটা ট্টব্ভব্ধপ্সুপ্সপ্পপ্সব্ভব্দ ন্তুপ্সচ্ঞচ্ঞঙ্গন্ধঙ্গ প্ৰতিষ্ঠা কৰিব লাগে। দ্বাদশ শ্ৰেণীত নিম্নতম আশী শতাংশ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে সবৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। পাঠ্যক্ৰম হ’ব লাগে পাঁচ বছৰীয়া। প্ৰতিখন ৰাজ্যৰ পৰা সবৰ্বভাৰতীয় পৰ্য্যায়ত নিযুক্তি প্ৰাপ্তিৰ ব্যৱস্থা হিচাপে প্ৰতিখন ৰাজ্যৰ পৰা অন্ততঃ এজনকৈ কোটা হিচাপত ল’ব লাগে আৰু বাকী থকা seat সমূহ open কৰিব লাগে। কিন্তু দ্বাদশ শ্ৰেণীত নিম্নতম আঁশী শতাংশ নম্বৰ সকলোৰে বাবে বাধ্যতামূলক হ’ব লাগে। বাকী Rules খিনি এতিয়াৰ দৰেই থাকিব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে মিলি দৃঢ়ভাৱে আৰু আস্থা সহকাৰে এই দিশত চিন্তা চৰ্চা কৰা উচিত।
(১০) প্ৰতিখন গাওঁক ভাৰতীয় অৰ্থনীতিৰ মূলধাৰাৰ সৈতে সংযোগ কৰিব লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত গাওঁসমূহক সংযোহ কৰা, বিজুলী, বিশুদ্ধ খোৱা পানী আৰু পথাৰত খেতিৰ বাবে প্ৰয়োজনীয় পানী যোগানৰ ব্যৱস্থা কৰাটো অতি আৱশ্যক। গাওঁ অঞ্চলত কেইবাখনো গাওঁৰ ববে এখনকৈ উমৈহতীয়া বজাৰ মুকলি কৰিব লাগে। কৃষি উৎপাদিত সামগ্ৰীসমূহৰ বিক্ৰী মূল্য কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্যৰ বাবে একে হোৱাকৈ স্থিৰ কৰিব লাগে। তেতিয়া কৃষকে উৎপাদিত সামগ্ৰীৰ বাবে ন্যায়সঙ্গত নিম্নতম মূল্য (logal minimum price) লাভ কৰিব আৰু মধ্যভোগীৰ বুনিয়াদী উৎপাদকৰ ওপৰত চলা শোষণ বহু পৰিমাণে কমি যাব। আকৌ কৃষি ভিত্তিক আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহ গাওঁ অঞ্চলত প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰয়োজনীয় দৃঢ়নীতি নিৰ্দ্ধাৰণ কৰিব লাগে। তেতিয়া গাওঁৰ পৰা চহৰলৈ প্ৰব্ৰজন কমি যাব আৰু গাওঁসমূহেই একোখন চহৰলৈ ৰূপান্তৰিত হ’ব।
(১১) জীৱ দেহ নিৰ্মাণৰ বাবে বুনিয়াদী একক হ’ল কোষ। সেইদৰে প্ৰতিজন শ্ৰমিক দেশৰ আন্তঃগাঁঠনি নিৰ্মাণৰ ক্ষেত্ৰত বুনিয়াদী একক। আকৌ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP) ৰ ষাঠি