জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


শতাংশই উৎপাদন কৰে অসংগঠিত খণ্ডৰ শ্ৰমিক শ্ৰেণীয়ে আৰু দেশৰ বৰ্ত্তমান সবৰ্বমুঠি 33 কোটি শ্ৰমিকৰ জ্ঝচ্ শতাংশ শ্ৰমিকেই অসংগঠিত খণ্ডৰ শ্ৰমিক। সেয়েহে কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন শ্ৰমিকৰ ৰেজিেট্ৰচন বাধ্যতামূলক কৰিব লাগে আৰু জীৱন বীমা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰাই দিব লাগে। ভাৰত চৰকাৰৰ ষষ্ঠ দৰমহা আয়োগ (Central sixth pay commission] ) ৰ হ’ব লগা নিৰিখ অনুসৰি group A,B,C,D কৰ্মচাৰীৰ সম্ভাৱ্য basic pay ৰ ওপৰত নিৰ্ভৰ কৰিলে দেখা যায় যে group A,B,C,D কৰ্ম্মচাৰীৰ প্ৰতি ঘণ্টা শ্ৰমৰ মূল্য ক্ৰমে এশ সাত টকা, সাতাশী টকা, তেৱন্ন টকা আৰু তেত্ৰিশ টকা। এই ক্ষেত্ৰত প্ৰতিদিনত ৱৰ্কিং আৱাৰ্চ ধৰা হৈছে আঠ ঘণ্টা। গতিকে সংগঠিত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ প্ৰতি ঘণ্টাত পাৰিশ্ৰমিক বিশ টকা হোৱা উচিত। তেতিয়া শ্ৰমিকৰ প্ৰতি দিনৰ অৰ্থাৎ আঠ ঘণ্টাত পাশিশ্ৰমিক হ’ব এশ ষাঠি টকা। এনে কৰিলে শ্ৰমিক সকলৰো জীৱন ধাৰণৰ মানদণ্ড উন্নত হ’ব।
(১২) প্ৰতিৰক্ষা বিভাগ আৰু অন্যান্য সৰ্বভাৰতীয় চাকৰিত কৰ্ম্মচাৰীৰ স্থানান্তৰ ভাৰতৰ যিকোনো ৰাজ্যতে হয়। ব্যক্তিগত খণ্ডৰ কোম্পানীৰো বেলেগ বেলেগ ৰাজ্যত শাখা থাকে। গতিকে কোম্পানীৰ চাকৰিৰ ক্ষেত্ৰতো কৰ্ম্মচাৰীসকলক তেওঁলোকৰ নিজৰ ৰাজ্যত ৰাখিব নালাগে আৰু বেলেগ বেলেগ ৰাজ্যত নিয়োগ কৰিব লাগে। এই ব্যৱস্থাৰ পৰা দুটা প্ৰত্যক্ষ লাভ হ’ব — এটা হ’ল অন্য ৰাজ্যৰ সমাজ ব্যৱস্থা আৰু সংস্কৃতিৰ লগত ওতঃপ্ৰোতঃভাৱে পৰিচয় হ’ব আৰু ইয়াৰ ফলত এক ভাৰতীয় জাতি গঠনৰ ক্ষেত্ৰত নতুন ব্যৱহাৰিক দিশ মুকলি হ’ব।
(১৩) ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত থকা ভূমিপুত্ৰ অৰ্থাৎ জনজাতীয় লোকসকলৰ বাবে চেটেলাইট অথবা টেৰিটোৰিয়েল স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিব লাগিব। স্বায়ত্ব শাসন প্ৰদানৰ দ্বাৰাহে তেওঁলোকৰ স্বকীয় সংস্কৃতি, ভাষা তথা ভূমিৰ অধিকাৰ সংৰক্ষিত হ’ব। অন্যথা জনজাতীয় লোকসকলে ভাৰতীয় গঠন প্ৰক্ৰিয়াত আস্থা হেৰুৱাই পেলাব আৰু বিচ্ছিন্নতাৱাদ, উগ্ৰবাদৰ জন্ম হ’ব। সকলোৱে এয়া প্ৰত্যক্ষ কৰিছে আৰু আতমন্থনো হৈছে। ত্ৰিপুৰা ৰাজ্য এই ক্ষেত্ৰত এক জলন্ত উদাহৰণ। ৰাষ্ট্ৰসংঘৰ মজিয়াত বিশ্বৰ জনজাতিসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে খিলঞ্জীয়া জনজাতীয় স্থায়ী মঞ্চ (Permanent plateform for safegaurding the identity of indigenous tribals of the world ) আছে। ভাৰত চৰকাৰেও এইক্ষেত্ৰত উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।