জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


সুস্থ শৰীৰত সুস্থ মন

ধৰ্ম আচৰণৰ বাবে প্ৰথম আৱশ্যকতা হ’ল সুস্থ শৰীৰ। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ শৰীৰ প্ৰাপ্ত হয় একমাত্ৰ প্ৰাণায়ামৰ দ্বাৰাহে। শ্বাস-প্ৰশ্বাসৰ গতিক ছন্দময় কৰি মানৱ জীৱনক সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰা পদ্ধতিক প্ৰাণায়ম বোলা হয়। অৰ্থাৎ শ্বাস-প্ৰশ্বাসৰ গতিক নিয়ন্ত্ৰণ কৰা পদ্ধতিকে প্ৰাণায়াম বোলা হয়। (Methodolgy of Breathing control is called as Praanaayaam)
পতঞ্জলী ঋষিয়ে তেওঁৰ যোগশাস্ত্ৰত অষ্টাঙ্গযোগ সম্বন্ধে ব্যাখ্যা কৰিছে আৰু অষ্টাঙ্গযোগ হ’ল – য়ম, নিয়ম, আসন, প্ৰাণায়ম, প্ৰত্যহাৰ, ধ্যান, ধাৰণ আৰু সমাধি। পতঞ্জলি মুনিৰ যোগ শাস্ত্ৰক অনুসৰণ কৰি যোগ গুৰু স্বামী ৰামদেৱজী মহাৰাজে ৰোগমুক্ত বিশ্ব ৰচনাৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হৈছে। বিহাৰ ৰাজ্যত যাদৱ বংশত জন্ম গ্ৰহণ কৰা এইজনা যোগ গুৰুৱে বিশ্বৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত স্থান পাইছে। ৰামদেৱজী মহাৰাজ ধৰ্ম আৰু বিজ্ঞানৰ সমন্বয় ৰক্ষাকাৰী আৰু তেৰা ধৰ্মীয় অন্ধবিশ্বাস সমূহ ঘোৰ বিৰোধী। তেৰাৰ মতে ধৰ্ম হ’ব লাগে বিজ্ঞান সন্মত আৰু অন্ধ বিশ্বাসহীন এক শুদ্ধ জীৱন ধাৰণৰ পদ্ধতি। ৰামদেৱজী মহাৰাজ নিঃসন্দেহে আজি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে গৌৰৱৰ কথা।
শ্ৰীমন্ত শঙ্কৰদেৱ নিয়মিতৰূপে প্ৰাণায়াম কৰিছিল আৰু সেইবাবেই সুস্বাস্থ্যৰ অধিকাৰী হৈ এশ উনৈশ বছৰ কাল জীয়াই আছিল। চক্ৰপাণি বৈৰাগী আৰু ভূষণদ্বিজই গুৰু চৰিতত এই সম্বন্ধে উল্লেখ কৰিছিল। প্ৰাচ্য পণ্ডিত ডঃ মহেশ্বৰ নেওগে গুৰু চৰিতৰ আধাৰত ৰচিত শ্ৰীশ্ৰী শঙ্কৰদেৱ নাম গ্ৰন্থখনত উল্লেখ কৰিছে — “মহেন্দ্ৰ কন্দলিৰ টোলত থাকোতেই যোগশাস্ত্ৰ অধ্যয়ণ কৰি যোগাভ্যাস কৰিছিল আৰু এই বিষয়ত পাৰদৰ্শিতা লাভ কৰিছিল।” শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই প্ৰণায়াম, কুণ্ডলিনী শক্তি আদি সম্বন্ধে ভাগৱত, ভক্তি ৰত্নাকৰ আদি শাস্ত্ৰত উল্লেখ কৰিছে —
“সুষুম্না আছয় মেৰু মজ্বাৰ ভিতৰ।
যাত বায়ু পশিলে অজনৰ হোৱে নৰ।।
তাহাৰ মুখত ঢাকি আছে কুণ্ডলিনী।
মায়াৰ শকতি যেন দেখিয়া সপিনী।।”
(শ্ৰীমন্ত শঙ্কৰদেৱ কৃত শ্ৰীমদ্ভাগৱত ঃ তৃতীয় স্কন্ধ, অনাদি পাতন)
এনেকুৱা প্ৰাণায়াম আছে যাক অনুশীলন কৰিলে ইচ্ছা মৃত্যু লাভ কৰিব পাৰি। সুষুম্নাত অৰ্থাৎ Spinal Cord অত বায়ু প্ৰৱেশ কৰাব পাৰিলে অজৰ হোৱে নৰ। গুৰুজনাই এশ উনৈশ বছৰকাল সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা গুপুত ৰহস্যও প্ৰাণায়াম আৰু সাত্বিক খাদ্য গ্ৰহণতে সোমাই আছে। জগতৰে গুৰুজনাই দি যোৱা নাম প্ৰসঙ্গ অৰ্থাৎ হৰি নাম কীৰ্ত্তনৰ পদ্ধতি, বৰগীত গোৱাৰ পদ্ধতি আৰু শঙ্কৰী নৃত্যত থকা মাটি আখৰা আৰু বিভিন্ন নৃত্যসমূহ প্ৰাণায়াম তথা যোগ সাধনাৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক থকা বিষয়। কাৰণ এইক্ষেত্ৰত শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ অতি গুৰুত্বপূৰ্ণ বিষয়। শ্বাস-প্ৰশ্বাসৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নামপ্ৰসঙ্গ গোৱা, বৰগীত বা Classical গীত বা আধুনিক গীত গোলা আৰু নৃত্য প্ৰদৰ্শনো অসম্ভৱ।
আমাৰ হাতৰ তলুৱা আৰু আঙুলিকেইটাত শৰীৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গৰ বাবে Stimulating or Activating centre আছে। হাত চাপৰি বজাই নাম প্ৰসঙ্গ কৰোতে হাওঁফাওঁৰ পৰা আৰম্ভ কৰি heart, liver, Pancreas, Kidney, enfocrine glands আদি সকলো সদা সক্ৰিয় তথা সুস্থ হৈ থাকে আৰু ইয়াৰ ফলত শৰীৰ আৰু মন সুস্থ হৈ থাকে। খাদ্যাভ্যাস – খাদ্য তিনি প্ৰকাৰৰ যেনে সাত্বিক, ৰাজসিক আৰু তামসিক। যি খাদ্যই শৰীৰৰ শ্ৰীবৃদ্ধি কৰে, মন সুস্থিৰ কৰে আৰু ৰোগৰ কাৰণসমূহৰ জন্ম নিদিয়ে, তেনে খাদ্যক সাত্বিক খাদ্য বোলে। যি খাদ্য দে বৃদ্ধি কৰে, মছলাযুক্ত আৰু ৰোগৰ কাৰণসমূহৰ জন্ম দিয়ে তেনে খাদ্যক ৰাজসিক আহাৰ বোলে। আকৌ উচ্ছিষ্ট, পঁচা আৰু পুৰণি খাদ্য বা বাহি খাদ্যক তামসিক আহাৰ বোলা হয়।
সাত্বিক খাদ্যৰ অন্তৰ্গত খাদ্য সমূহ হল সতেজ ফল-মূল, শাক পাচলি, মাহ জাতীয় খাদ্য আৰু দুগ্ধ। সাত্বিক খাদ্যৰ তিনিটা উল্লেখনীয় গুণ আছে আৰু এই গুণবোৰ হ’ল — ই সহজে