জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


হজম হয়, শৰীৰৰ পুষ্টি সাধন কৰে আৰু মুক্ত মৌল (free oxygen molecule) সৃষ্টি নকৰে। মুক্ত মৌলবোৰ শৰীৰৰ কোষ ধবংস কৰে আৰু degenerative disease বোৰ সৃষ্টি কৰে। উল্লেখনীয় যে উদ্ভিদজ খাদ্য আৰু দুগ্ধত মুক্ত মৌল বিৰোধী পদাৰ্ত (Anti oxidant ) থাকে আৰু ই শৰীৰক নানা ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্বাস্থ্য প্ৰদান কৰে।
শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰসাদৰ প্ৰচলন কৰিছিল আৰু সেই প্ৰসাদৰ উপাদনসমূহ হ’ল বুট, মগু, কল, নাৰিকল আৰু আদা। আকৌ নিৰামিষ খাদ্য উত্তম খাদ্য। উদ্ভিদজ খাদ্য আৰু গাখীৰ হ’ল সাত্বিক আহাৰ আৰু সেয়েহে গুৰুজনাই প্ৰসাদ আৰু নিৰামিষ আহাৰৰ জৰিয়তে সাত্বিক তথা নিৰোগী বিশ্বগঢ়াৰ সংকল্প লৈছিল। শাস্ত্ৰসন্মতভাৱে আৰু বিজ্ঞানসন্মতভাৱেও নিৰামিষ আহাৰক উত্তম আহাৰ বুলি কোৱা হয়। শ্ৰীমন্ত শঙ্কৰদেৱে কৈছিল নিৰামিষ খাদ্য হ’ল স্বাস্থ্যৰক্ষাকাৰী, কিন্তু মানুহৰ খাদ্যাভ্যাস ঈশ্বৰৰ আশীবৰ্বাদ প্ৰাপ্তিৰ বাবে প্ৰতিবন্ধক নহয়। এবাৰ তেওঁ শিষ্যসকলৰ লগত এখন গাওঁত প্ৰৱেশ কৰি এক শৰণ হৰি নাম ধৰ্মৰ মহিমা বুজালে। তেতিয়া গাওঁবাসীয়ে মাংস আৰু মদ এৰি এই ধৰ্ম ল’বলৈ অমান্তি হ’ল। শঙ্কৰদেৱ গুৰুজনাই গাওঁবাসীক ক’লে যে মোৰ এই ধৰ্মমত মাংসাহাৰী, নিৰামিষহাৰী, মদাহী, ব্ৰহ্মবধী আৰু জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে ধৰ্মমত মংসাহাৰী, নিৰামিষাহাৰী, মদাহী, ব্ৰহ্মবধী আৰু জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে গ্ৰহণীয়। কাৰণ মোৰ এই ধৰ্মমতৰ উদ্দেশ্য হ’ল অস্পৃশ্যতাবিহীন সাম্যবাদী মানৱ সমাজ গঠন। তেওঁ ক’লে যে তোমালোকে খাদ্যাভ্যাস আৰু দৈনিক নাম প্ৰসঙ্গ এই দুয়োটাই নেৰিবা। সবৰ্বশক্তিমান ঈশ্বৰ দয়াৰ সাগৰ আৰু তেওঁ সকলোৰে মঙ্গল কৰিব। তেতিয়া গাওঁবাসীয়ে শঙ্কৰদেৱক গুৰু মানি ভগৱন্ত কৃষ্ণত শৰণ ললে। শ্ৰীমন্ত শঙ্কৰদেৱে জানিছিল যে এই ধৰ্মমত লোৱাৰ পাছত অনুশীলনৰ জৰিয়তে তেওঁলোকে নিজেই বুজি উঠিব যেন কি কৰ্ম কৰণীয় বা অকৰণীয়। এই উদাৰতাৰ বাবেই শঙ্কৰদেৱৰ ধৰ্ম জনজাতি, অজনজাতি, ভাৰতীয়, অভাৰতীয় আদি সকলোৱে শ্ৰদ্ধা সহাকাৰে গ্ৰহণ কৰিছে। শ্ৰীমন্ত শঙ্কৰদেৱে ঘোষণা কৰিছিল যে প্ৰাণী কল্যাণ তত্বত ঈশ্বৰ তত্ব লুকাই আছে। অৰ্থাৎ মানৱকে ধৰি চাৰিমুঠি জীৱৰ কল্যাণ সাধনতে ঈশ্বৰ সাধনাৰ তত্ব প্ৰতিফলিত হয় —
জগতৰ পূণ্য মানে জানা নিষ্ট কৰি।
প্ৰাণী উপকাৰৰ অল্পকো নুহি সৰি।।
হেন জানি প্ৰাণীক অভয় দিয়া দান।
বোলা হৰি হৰি পাইবা বৈকুণ্ঠত থান।।
(শ্ৰীমন্ত শঙ্কৰদেৱ ৰচিত হৰিশ্চন্দ্ৰ উপাখ্যান)
অৰ্থাৎ, know it definitely about good in the world,
and service to creature is service to God.
knowing this, ensure fearless environment to creatures,
and do utter Hari Hari to have divine happiness.
অৰ্থাৎ, Welfare to creature is the prayer to God. Here creature includes human being and all other animals, birds etc. It is said in other way that service to man is service to God.

আমি সকলো এক ঈশ্বৰৰ সন্তান আৰু সকলো প্ৰাণীয়ে ঈশ্বৰৰ ক্ষুদ্ৰ ৰূপ। সেয়েহে পৰস্পৰৰ প্ৰতি প্ৰেম ভাৱ ৰাখিব লাগে। সেয়েহে শঙ্কৰদেৱে কৈছিল —