জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।
গুৰুজনাই সিদ্ধান্ত দিছে যে ঈশ্বৰে মানৱ জাতি সৃষ্টি কৰিছে একমাত্ৰ ঈশ্বৰৰ সৃষ্টি সমূহক সংবৰ্ধন আৰু সংৰক্ষণ কৰিবলৈ। ইয়াৰ বাবে মানৱ সমাজে মানৱ কল্যানৰ লগতে অন্য প্ৰাণীসমূহৰো কল্যাণ সাধন কৰা উচিত। সেয়েহে তেৰাই কৈছে ঈশ্বৰ তৰ্কযুদ্ধত নাথাকে, থাকে আচৰণত অৰ্থাৎ কাৰ্য্যত। সমাজ সেৱা, মানুহৰ লগতে সমগ্ৰ প্ৰাণীৰ কল্যাণ সাধন আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা কৰাতো মানুহৰ ধৰ্মৰ প্ৰতি থকা দায়ৱদ্ধতা উপলব্ধি কৰিব পাৰি। আমি সকলো এক ঈশ্বৰৰ সন্তান বুলি উপলব্ধি কৰিব লাগে আৰু কল্যাণমুখী কৰ্ম কৰিব লাগে। বিশ্ব কল্যাণমুখী কৰ্মই ঈশ্বৰমুখী সেৱা বুলি গুৰুজনাই কৈছে।
ভাৰতবৰ্ষৰ এক বৃহৎ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ। এই সংগই স্থাপন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়। ইতিমধ্যে শ্ৰীমন্ত শঙ্কৰদেৱ বেংক মুকলি কৰিছে। ইয়াৰ জৰিয়তে শিক্ষিত নিবনুৱাক সংস্থাপনৰ পথ মুকলি কৰি দিয়াই মূল্য উদ্দেশ্য। এতিয়ালৈকে প্ৰায় পয়ষষ্ঠিখন মান শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় সংঘই অসমত প্ৰতিষ্ঠা কৰিছে। বিদ্যালয়ক কেন্দ্ৰ কৰি শঙ্কৰী সংগীত বিদ্যালয়সমূহো গঢ় লৈ উঠিছে। গহপুৰত তিনিশ বিচনাযুক্ত চিকিৎসালয় স্থাপনৰ কামো আগবাঢ়িছে। মুকলি সভা, চেমিনাৰ আদিৰ জৰিয়তে দিল্লী, বোম্বে, মাদ্ৰাজ, কলিকতা আদিত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাসমূহৰ ওপৰত তত্ব গধুৰ বিশ্লেষণ তথা প্ৰচাৰৰ কামো চলি আছে। শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাৰাজি হিন্দী, বেংগলী, উৰিয়া, ইংলিচ, নেপালী, বড়ো আদি ভাষাত তৰ্জমা কৰা হৈছে। ডব্লিউ এল স্মিথ, ডঃ অমলেন্দু চক্ৰৱৰ্তী, চি.ডি ত্ৰিপাঠী, অক্সফোৰ্ড ইউনিভাৰচিটিৰ ভিজিটিং প্ৰফেচৰ এম নৰসিংহচাৰি আদি প্ৰসিদ্ধ পণ্ডিতসকলে ইতিমধ্যে গৱেষণাৰ জৰিয়তে শ্ৰীমন্ত শঙ্কৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। অদূৰ ভৱিষ্যতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ভাৰতৰ বিভিন্ন ৰাজ্যত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কেন্দ্ৰ বিদ্যালয় স্থাপন (CBSE Affiliated)ৰ বাবে মনস্থ কৰি আছে। আকৌ স্মতৰ্ব্য যে চ্ঙ্মঙ্ম6 চনৰ 3ঙ্ম মে’ত ইকনমিক্স টাইমছ নামৰ দিল্লীৰ পৰা প্ৰকাশিথ বাতৰি কাকতখনৰ উপ-সম্পাদিকা আইৰিণ অব্ৰায়ণে সংঘৰ নীতি অনুসৰি শ্ৰীমন্ত শঙ্কৰদেৱক গুৰু মানি কৃষ্ণত শৰণ লৈছে। মহিলাগৰাকী খ্ৰীষ্টীয়ান সাংবাদিক। ইয়াৰ উপৰিও গুৰুজনাৰ পদাংক অনুসৰণ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকৰ বাবে যোগাসন, প্ৰাণায়ম আদি অনুশীলনৰ ব্যৱস্থা কৰি আহিছে। সুস্থ সৱল নিৰোগী শৰীৰ নিৰ্ম্মাণৰ অৰ্থে আহাৰ, নিদ্ৰা, স্নান, ব্ৰহ্মচৰ্য্য আদি নীতি নিয়মৰ বিষয়ে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰি আহিছে।