জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত
নাট। এই নাটখন প্ৰদৰ্শনৰ বাবে গুৰুজনাই গীত – নৃত্যৰ উপৰিও বাদ্যযন্ত্ৰ ‘খোল’ আৰু ‘তাল’ ৰ সৃষ্টি কৰিছিল। গতিকে শ্ৰীমন্ত শঙ্কৰদেৱ ধ্ৰুপদী (শাস্ত্ৰীয়) ক্ষেত্ৰখনত বিশ্বৰ প্ৰথম কম বয়সীয়া (উনৈশ বছৰীয়া) নাট্যকাৰ, প্ৰথম পৰিচালক, নিজে সূত্ৰধাৰী নৃত্য প্ৰদৰ্শন কৰোতা প্ৰথম অভিনেতা, প্ৰথম গীতিকাৰ, সুৰকাৰ তথা গায়ক। এইক্ষেত্ৰত I.A.S. Officer C.D.Tripathi (Ex secreatry to the Hon’ble president of India)
য়ে তেখেতৰ গৱেষণামূলক প্ৰৱন্ধ “A new light on the early Brajabuli Literature” ত উল্লেখ কৰিছে যে “Sri Sankardeva was not only the first amongst the Brajabuli dramatist but also the most powerful dramatist and poetry writter of Brajabuli.”
গুৰুজনাই একৈশ বছৰ বয়সত সূৰ্য্যৱতীক বিবাহ কৰায় আৰু বিয়াৰ তিনি বছৰ পিছত মনু নামে কন্যা সন্তানটিৰ জন্ম হয়। মনুৰ ন-মাহ বয়সত সূৰ্য্যৱতী পৰলোকগামী হয়। কেঁচুৱা মনুক লালন-পালন কৰাত বিশেষভাৱে সহায় কৰিলে খেৰসুতী আৰু চন্দৰীয়ে। সাত বছৰ বয়স প্ৰাপ্ত হোৱাত হৰি নামৰ কায়স্থ ল’ৰা এজনলৈ মনুক বিয়া দিলে।
প্ৰথম তীৰ্থ ভ্ৰমণ ঃ- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বত্ৰিশ বছৰ বয়সত, অৰ্থাৎ ১৪৮১ খ্ৰীষ্টাব্দত সোতৰজন শিষ্যক লগত লৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। জগন্নাথক্ষেত্ৰ, মথুৰা, বৃন্দাবন,হস্তিনাপুৰ, হৰিদ্বাৰ, দ্বাৰকা, বদৰিকাশ্ৰম, কাশী, নেপাল আৰু দ্ৰাবিড় ৰাজ্যৰ সেতুবন্ধন পৰ্য্যন্ত ভ্ৰমণ কৰি ১৪৯৩ খ্ৰীষ্টাব্দত বৰদোৱালৈ উভতি আহে।
সেই সময়ত গোটেই ভাৰতবৰ্ষত মূৰ্ত্তি-পূজা, বলি বিধান, কুমাৰী পূজা, অস্পৃশ্যতা আদি কু-সংস্কাৰ তথা অন্ধবিশ্বাসৰ প্ৰচলনে ভাৰতীয় সমাজ খনক গ্ৰাস কৰিছিল। ভাৰতীয় সংস্কৃতি দিশহাৰা হৈ পৰিছিল, কাৰণ সেই সমাজত অন্ধবিশ্বাস, কুসংস্কাৰপূৰ্ণ লোকাচাৰ সমূহকেই জনসাধাৰণে পৱিত্ৰ ধৰ্ম আৰু সংস্কৃতি বুলি মানি চলিছিল। বাৰ বছৰ কাল ধৰি কৰা তীৰ্থ ভ্ৰমণত গুৰুজনাই সেই সময়ৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস কেন্দ্ৰীক কুসংস্কাৰ বিলাক নিজ চকুৰে প্ৰত্যক্ষ কৰিলে। তীৰ্থযাত্ৰাৰ কালছোৱাতে গুৰুজনাই ভাৰতীয় ধৰ্ম আৰু সংস্কৃতিক এক সংস্কাৰিত ৰূপ দিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ
