জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৃত সিদ্ধান্ত


হ’ল আৰু সেই মৰ্মে তেৰাই উত্তৰ ভাৰতত ব্ৰজভাষাত ঘোষণা কৰিলে এই বুলি –
ধ্ৰু¸ ঃ মন মেৰি ৰাম চৰণেহি লাগু।
তই দেখনা অন্তক আগু।।
পদ ঃ মন আয়ু ক্ষণে ক্ষণে টুটে।
দেহ প্ৰাণ কোনদিন ছুটে।।
………………………………………….
এইদৰে শঙ্কৰদেৱ গুৰুজনাই তেৰাৰ পূৰ্বপুৰুষৰ স্থান উত্তৰ ভাৰততে ‘এক শৰণ হৰি নাম ধৰ্ম্ম’ক কেন্দ্ৰ কৰি পৰিশোধিত ভাৰতীয় সংস্কৃতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তৃতীয় পদক্ষেপ গ্ৰহণ কৰিলে। (প্ৰথম পদক্ষেপ আছিল ‘কৰতল কমল কমল দল নয়ন’, দ্বিতীয় পদক্ষেপ আছিল ‘চিহ্নযাত্ৰা’ নাটক)। মন কৰিবললগীয়া যে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্বৰ ইতিহাসত উচ্চতম গুণ সম্পন্ন প্ৰথম উচ্চাঙ্গ গায়ক, গীতিকাৰ। তেৰাৰ সময়ত ভাৰতবৰ্ষৰ অসম, বেঙ্গল, উৰিষ্যা, উত্তৰপ্ৰদেশ, বিহাৰ আদি প্ৰায় সকলো ঠাইতে ব্ৰজভাষা (ব্ৰজাৱলী বা ব্ৰজবুলি) সংযোগী ভাষা আছিল। সেয়েহে শঙ্কৰদেৱে ব্ৰজভাষাত অঙ্কীয়া নাট আৰু বৰগীত ৰচনা কৰি ভাৰতীয় সংস্কৃতিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সংকল্প লৈছিল। তীৰ্থ ভ্ৰমণৰ কালছোৱাত পুষ্কৰ তীৰ্থৰ কবি গোপীনাথ, বৃন্দাবনৰ ৰাধা সন্ন্যাসী, কালিন্দীৰ তীৰত ৰূপ সনাতন, বৃন্দাবন দাস, উপ দ্বাৰকাৰ ৰাম ক্ষত্ৰিয় এই সকল বিদ্বান পুৰুষে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক গুৰু মানি ভগৱন্ত কৃষ্ণত শৰণ লৈছিল। তদুপৰি জগন্নাথ ক্ষেত্ৰত এবছৰ কাল থাকি ভক্ত সমাজত ব্ৰহ্মপুৰাণ’ৰ ব্যাখ্যা কৰি সকলোকে মোহিত কৰিছিল।
এইদৰে বাৰ বছৰকাল তীৰ্থ ভ্ৰমণ কৰি প্ৰত্যাৱৰ্ত্তন কৰাৰ কিছু বছৰ পিছত জ্ঞাতি সকলৰ অনুৰোধ ক্ৰমে চৌৱন্ন (৫৪) বছৰ বয়সত বিবাহ কৰায় কালিন্দীক। তাৰ পিছতেই এক শৰণ হৰি নাম ধৰ্মৰ প্ৰতিষ্ঠাতা, প্ৰৱৰ্ত্তক শ্ৰীমন্ত শঙ্কৰদেৱে তেৰাৰ সিদ্ধান্তৰ ব্যাপক প্ৰচাৰৰ বাবে কাৰ্য্য আঁচনি ৰূপায়নৰ পদক্ষেপ হিচাপে তেৰাই অসমৰ বিভিন্ন ঠাই যেনে ৰৌতা, গাঙ্গমৌ, মাজুলীৰ ধোঁৱাহাটা বেলগুৰি, কুমাৰ কুছি, পাটবাউসী আৰু কোচ-বেহাৰৰ মধুপুৰত